2তেওঁলোকে তেওঁৰ কেইজনমান শিষ্যক অশুচি অৰ্থাৎ হাত নুধুৱাকৈ ভোজন কৰা দেখিছিল।
3কিয়নো ফৰীচী আৰু আন ইহুদী সকলে হাত ভালকৈ নুধুলে ভোজন নকৰে; এই নিয়মক তেওঁলোকৰ পৰিচাৰক সকলে পুৰুষে পুৰুষে চলি অহা বিধিৰ নিচিনাকৈ মানি চলে।
4আৰু বজাৰৰ পৰা আহি গা নোধোৱা পৰ্য্যন্ত তেওঁলোকে ভোজন নকৰে৷ ইয়াৰ উপৰি তেওঁলোকে মানি চলিবলৈ গ্রহণ কৰা বহু ৰীতি আছে অৰ্থাৎ তেওঁলোকে ব্যৱহাৰ কৰা বাটি, লোটা, পিতলৰ পাত্ৰ আদিৰ লগতে ভোজন শয়ন কৰা ঠাইবোৰ পানীৰে ধুই লোৱা নিয়মবোৰো কঠোৰ ভাবে পালন কৰে।
5তেতিয়া ফৰীচী আৰু বিধানৰ অধ্যাপক সকলে তেওঁক সুধিলে, “আপোনাৰ শিষ্য সকলে পৰিচাৰক সকলে পালন কৰা পূৰ্বপুৰুষৰ বিধিৰ দৰে আচৰণ নকৰাকৈ, অশুচি হাতেৰে কিয় ভোজন কৰে”?
6তেতিয়া তেওঁ ক’লে, “আপোনালোক কপটীয়া সকলৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিছিল, তেওঁ লিখিছিল - ‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ মন মোৰ পৰা দুৰৈত থাকে।
7তেওঁলোকে অনৰ্থকৰূপে মোক ভক্তি কৰে, আৰু মানুহৰ ৰীতি নীতিবোৰ আজ্ঞা বুলি শিকায়৷’
8আপোনালোকে ঈশ্বৰৰ আজ্ঞা এৰি, লোক সকলৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিছে”।
9তেওঁ পুণৰ ক’লে, “আপোনালোকে এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিবৰ বাবে, ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য কৰিছে।
10কিয়নো মোচিয়ে ক’লে, ‘তুমি তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’ আৰু ‘যি কোনোৱে পিতৃ-মাতৃৰ অহিতে কুবচন বোলে, তেওঁ নিশ্চয়ে মৰক’।
11কিন্তু আপোনালোকে কয় - ‘যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, মোৰ যি যি বস্তুৰে আপোনালোকৰ সহায় হব পাৰিলোঁ হয়, সেইবোৰ কৰ্ব্বান (ঈশ্বৰক দান)কৰা হৈছে;
12তেনেহলে তেওঁ পিতৃ বা মাতৃক পুনৰ সন্মান কৰাৰ প্রয়োজন নাই’;
13এইদৰে আপোনালোকে পুৰুষে পুৰুষে প্রচলিত হৈ অহা বিধিৰ কাৰণে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে। ইয়াৰ উপৰি এনে ধৰণৰ বহু কাম আপোনালোকে কৰে।”
14পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি আনি আকৌ ক’লে - “আপোনালোক সকলোৱে মোৰ কথা শুনক আৰু বুজি লওঁক।
15বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই অশুচি কৰিব পৰা কোনো বস্তু নাই; কিন্তু মানুহৰ ভিতৰৰ পৰা যি যি বাহিৰলৈ ওলাই, সেইবোৰেহে মানুহক অশুচি কৰে।
16কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক”।
17পাছত তেওঁ লোক সকলৰ ওচৰৰ পৰা গৈ ঘৰত সোমাল, তেতিয়া তেওঁৰ শিষ্য সকলে সেই দৃষ্টান্তটোৰ অর্থ তেওঁক সুধিলে।