Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - মাৰ্ক - মাৰ্ক 5

মাৰ্ক 5:18-41

Help us?
Click on verse(s) to share them!
18পাছত যীচুৱে যেতিয়া সেই ঠাই এৰি যাবৰ বাবে নাৱত উঠিবলৈ ধৰোতে, ভূতৰ নিয়ন্ত্ৰণত যি জন আছিল, সেই ব্যক্তি জন ওচৰলৈ আহি তেওঁৰ সৈতে তেওঁক ৰাখিবলৈ বিনয় কৰিলে৷
19কিন্তু তেওঁ সেই ব্যক্তিক অনুমতি নিদি ক’লে, “তুমি ঘৰলৈ গৈ আত্মীয় সকলৰ ওচৰলৈ যোৱা আৰু প্ৰভুৱে তোমাৰ জীৱনলৈ কি কৰিলে আৰু কেনে দয়া পালা, সেই বিষয়ে তেওঁলোকক কোৱাগৈ।”
20তেতিয়া মানুহ জনে সেই ঠাই এৰি, যীচুৱে তেওঁলৈ যি মহৎ কৰ্ম কৰিলে, সেই কথা দিকাপলি দেশত ঘোষণা কৰিবলৈ ধৰিলে; তাতে সকলোৱে বিস্ময় মানিলে।
21পাছত যীচুৱে যেতিয়া নাৱেৰে আকৌ সিপাৰলৈ গ’ল, তেতিয়া মানুহৰ বৃহৎ দল এটা তেওঁৰ ওচৰত গোট খালে; সেই সময়ত তেওঁ সাগৰৰ তীৰত আছিল।
22এনেতে যায়ীৰ নামেৰে নাম-ঘৰৰ অধিকাৰী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰিল৷
23তেওঁ বাৰে বাৰে বিনয় কৰি যীচুক কলে, “মোৰ ছোৱালী জনীৰ মৃত্যু ওচৰ চাপিছে; তাই যেন সুস্থ হৈ জীয়াই থাকে, এই কাৰণে আপুনি আহি, তাইৰ গাত হাত দিয়কহি।”
24তেতিয়া যীচু তেওঁৰ লগত গ’ল আৰু বহু লোক তেওঁৰ পাছে পাছে গৈ তেওঁক হেঁচি-মেলি ধৰিলে।
25আৰু সেই সময়ত তাতে বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা তিৰোতা এজনী আছিল৷
26অনেক বেজৰ ওচৰত চিকিৎসা কৰি আৰু সৰ্ব্বস্ব খৰচ কৰিও তেওঁ সুস্থ হোৱা নাছিল, কিন্তু বেচি কষ্টহে পাই আছিল৷
27তেওঁ যীচুৰ বিষয়ে শুনি, লোক সকলৰ মাজত সোমাল আৰু তেওঁৰ পাছফালেদি আহি, তেওঁৰ কাপোৰ চুলে৷
28কিয়নো তেওঁ কৈছিল, ‘মই যদি তেওঁৰ কাপোৰ মাথোন চুবলৈ পাওঁ, তেতিয়াও মই ৰক্ষা পাম’।
29তেতিয়া তেওঁ যীচুক চুবলৈ পাই, তেওঁৰ তেজ বৈ থকা শুকাই গ’ল আৰু তেওঁ শৰীৰত সেই ব্যাধিৰ পৰা মুক্ত হোৱা গম পালে।
30সেই সময়ত যীচুৱে নিজৰ পৰা শক্তি ওলাই যোৱা গম পাই, লোক সকলৰ মাজত মুখ ঘূৰাই সুধিলে, “মোৰ কাপোৰ কোনে চুলে?”
31তাতে তেওঁৰ শিষ্য সকলে তেওঁক কলে, “লোক সকলে আপোনাক হেঁচি-মেলি ধৰা দেখিও, কোনে মোক চুলে বুলি কয় নে?”
32কিন্তু সেই কৰ্ম কৰা জনীক দেখিবলৈ তেওঁ চাৰিওফালে চালে।
33তেতিয়া সেই তিৰোতাই নিজলৈ যি ঘটিল, সেই বিষয়ে জানিব পোৱাত, ভয়েৰে কঁপি কঁপি আহি তেওঁৰ আগত পৰিল আৰু সকলো সত্য কথা ক’লে৷
34তাতে যীচুৱে তেওঁক ক’লে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে;শান্তিৰে যোৱা আৰু সুস্থ থাকি তোমাৰ সেই ব্যাধিৰ পৰা মুক্ত হোৱা।”
35তেওঁ এই কথা কয় থাকোতে, নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা মানুহবোৰে আহি ক’লে, “তোমাৰ ছোৱালী মৰিল৷ গুৰুক পুনৰ কিয় কষ্ট দিয়া?”
36কিন্তু যেতিয়া সেই বাক্য যীচুৰ কাণত পৰিল, তেওঁ নাম-ঘৰৰ অধিকাৰী জনক কলে, “ভয় নকৰিবা; বিশ্বাস মাথোন ৰাখা।”
37পাছত পিতৰ, যাকোব আৰু যাকোবৰ ভায়েক যোহন কিন্তু তেওঁলোকৰ বাহিৰে আন কাকো তেওঁৰ লগত থাকিব নিদিলে।
38তেওঁলোকে নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰলৈ আহি তাতে ক্ৰন্দন আৰু বৰ বিলাপ কৰাবোৰক দেখিলে।
39পাছত যীচুৱে ভিতৰলৈ সোমাই, তেওঁলোকক ক’লে, “তোমালোকে কিয় বিলাপ আৰু ক্ৰন্দন কৰিছা?
40ছোৱালী জনী মৰা নাই, টোপনিতহে আছে।” তাতে তেওঁলোকে তেওঁক হাঁহিলে। কিন্তু তেওঁ সকলোকে বাহিৰ কৰি, ছোৱালী জনীৰ মাক-দেউতাক আৰু তেওঁৰ সঙ্গী সকলক লগত লৈ, যি ঠাইত ছোৱালী জনী আছিল, সেই ঠাইলৈ গ’ল।
41পাছত তেওঁ ছোৱালী জনীৰ হাতত ধৰি তাইক কলে, “টালিথা কুমী”; অৰ্থাৎ, “আইটি, মই তোমাক কওঁ, উঠা।”

Read মাৰ্ক 5মাৰ্ক 5
Compare মাৰ্ক 5:18-41মাৰ্ক 5:18-41