Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 7

পাঁচনি 7:43-59

Help us?
Click on verse(s) to share them!
43তোমালোকে মোলকৰ তম্বু আৰু ৰিফন দেৱতাৰ তৰাৰ মূর্তিবোৰ পূজা কৰিবলৈ সাজিলা, আৰু সেইবোৰকহে তোমালোকে গ্রহণ কৰিলা। সেয়েহে মই তোমালোকক বাবিল দেশৰ ফালে লৈ যাম।”
44মৰুপ্ৰান্তত আমাৰ পূৰ্ব-পুৰুষ সকলৰ ওচৰত সাক্ষ্য-তম্বু আছিল। ঈশ্বৰে মোচিক যি দৰে আজ্ঞা দিছিল আৰু মোচিয়ে যি আর্হি দেখিছিল, সেই আর্হিতে এই তম্বু তৈয়াৰ হৈছিল।
45পৰৱর্তীকালত আমাৰ পূৰ্ব-পুৰুষ সকলে যিহোচুৱাৰে সৈতে সেই তম্বু কঢ়িয়াই এই ঠাইলৈ আনিছিল। সেই সময়ত আমাৰ পূৰ্ব-পুৰুষ সকলৰ সন্মুখৰ পৰা ঈশ্বৰে অন্য জাতিবোৰক খেদাই দিয়াত তেওঁলোকে প্রৱেশ কৰি এই ঠাই অধিকাৰ কৰিলে। সেই তম্বু দায়ুদৰ দিনলৈকে এই ঠাইত আছিল।
46দায়ুদে ঈশ্বৰৰ দৃষ্টিত অনুগ্ৰহ পাই যাকোবৰ ঈশ্বৰ থাকিবৰ কাৰণে এটি আবাস বনাবলৈ প্রার্থনা কৰিলে।
47কিন্তু চলোমনেহে তেওঁলৈ এটা গৃহ নির্ম্মাণ কৰিলে।
48কিন্তু সৰ্বোপৰিজনা হাতেৰে সজা গৃহবোৰত নাথাকে; এই বিষয়ে ভাববাদীয়ে কৈছিল,
49“প্রভুৱে কৈছে, স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰি-পীৰা; মোৰ কাৰণে তুমি কেনেকুৱা গৃহ নির্ম্মাণ কৰিবা? নাইবা, মোৰ জিৰণি লোৱা ঠায়েই বা কত?
50মোৰ হাতে জানো এই আটাইবোৰ স্ৰজা নাই?”
51হে ঠৰ-ডিঙীয়া লোক সকল, হৃদয় আৰু কাণৰ চুন্নৎ নোহোৱা লোক, আপোনালোকে সদায় পবিত্ৰ আত্মাৰ প্রতিৰোধ কৰে; পূৰ্ব-পুৰুষ সকলে যেনেদৰে কৰিছিল, আপোনালোকে সেইদৰেই কৰিছে।
52এনে কোনোবা ভাববাদী আছিল নে, যি জনক আপোনালোকৰ পূর্বপুৰুষ সকলে নির্যাতন কৰা নাছিল? যি সকল ভাববাদীয়ে ধাৰ্মিক জনৰ আগমণৰ কথা আগেয়ে কৈছিলে, সেই ভাববাদী সকলকো তেওঁলোকে হত্যা কৰিলে আৰু এতিয়া আপোনালোকে সেই ধার্মিক জনকো শত্রুৰ হাতত শোধাই দি হত্যা কৰালে।
53স্বৰ্গৰ দূতবোৰৰ মাধ্যমেদি আপোনালোকে বিধান পায়ো, সেই বিধান পালন নকৰিলে।”
54এইবোৰ কথা শুনি মহাসভাৰ সদস্য সকলৰ হৃদয় স্তিফানৰ প্রতি খঙত জ্বলি উঠিল আৰু নিজৰ দাঁত কৰচিলে।
55কিন্তু তেওঁ পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ, স্বৰ্গৰ ফাললৈ একেথৰে চাই ঈশ্বৰৰ মহিমা দেখিলে; তেওঁ যীচুক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিলে।
56স্তিফানে ক’লে, “চাওক, মই স্বৰ্গৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিছোঁ।”
57তেতিয়া মহাসভাৰ সদস্য সকলে নিজৰ কাণত সোপা দি বৰ মাতেৰে চিঞৰি উঠিল আৰু সকলোৱে একেলগে তেওঁৰ ফালে চোচাঁ ললে।
58পাছত তেওঁক ধৰি নগৰৰ বাহিৰলৈ উলিয়াই আনি শিল দলিয়াবলৈ ধৰিলে। সাক্ষীবোৰে নিজৰ নিজৰ কাপোৰবোৰ চৌল নামৰ এজন ডেকাৰ ভৰিৰ কাষত থলে।
59তেওঁলোকে স্তিফানক শিল দলিয়াই থাকোতে, তেওঁ প্ৰভুক স্মৰণ কৰি কলে, “হে প্ৰভু যীচু, মোৰ আত্মা গ্রহণ কৰক।”

Read পাঁচনি 7পাঁচনি 7
Compare পাঁচনি 7:43-59পাঁচনি 7:43-59