Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 7

পাঁচনি 7:42-50

Help us?
Click on verse(s) to share them!
42তেওঁলোকৰ এই কাৰ্য দেখি ঈশ্বৰ তেওঁলোকৰ বিমুখ হ’ল; ঈশ্বৰে তেওঁলোকক আকাশৰ গ্রহ, তৰাবোৰক পূজা কৰিবলৈ এৰি দিলে; ভাববাদী সকলৰ পুস্তকত এইদৰে লিখা আছে, “হে ইস্ৰায়েল জাতি, তোমালোকে চল্লিশ বছৰলৈকে মৰুপ্ৰান্তত মোৰ কাৰণে পশু বলি আৰু নৈবেদ্য উৎসর্গ কৰিছিলা নে?
43তোমালোকে মোলকৰ তম্বু আৰু ৰিফন দেৱতাৰ তৰাৰ মূর্তিবোৰ পূজা কৰিবলৈ সাজিলা, আৰু সেইবোৰকহে তোমালোকে গ্রহণ কৰিলা। সেয়েহে মই তোমালোকক বাবিল দেশৰ ফালে লৈ যাম।”
44মৰুপ্ৰান্তত আমাৰ পূৰ্ব-পুৰুষ সকলৰ ওচৰত সাক্ষ্য-তম্বু আছিল। ঈশ্বৰে মোচিক যি দৰে আজ্ঞা দিছিল আৰু মোচিয়ে যি আর্হি দেখিছিল, সেই আর্হিতে এই তম্বু তৈয়াৰ হৈছিল।
45পৰৱর্তীকালত আমাৰ পূৰ্ব-পুৰুষ সকলে যিহোচুৱাৰে সৈতে সেই তম্বু কঢ়িয়াই এই ঠাইলৈ আনিছিল। সেই সময়ত আমাৰ পূৰ্ব-পুৰুষ সকলৰ সন্মুখৰ পৰা ঈশ্বৰে অন্য জাতিবোৰক খেদাই দিয়াত তেওঁলোকে প্রৱেশ কৰি এই ঠাই অধিকাৰ কৰিলে। সেই তম্বু দায়ুদৰ দিনলৈকে এই ঠাইত আছিল।
46দায়ুদে ঈশ্বৰৰ দৃষ্টিত অনুগ্ৰহ পাই যাকোবৰ ঈশ্বৰ থাকিবৰ কাৰণে এটি আবাস বনাবলৈ প্রার্থনা কৰিলে।
47কিন্তু চলোমনেহে তেওঁলৈ এটা গৃহ নির্ম্মাণ কৰিলে।
48কিন্তু সৰ্বোপৰিজনা হাতেৰে সজা গৃহবোৰত নাথাকে; এই বিষয়ে ভাববাদীয়ে কৈছিল,
49“প্রভুৱে কৈছে, স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰি-পীৰা; মোৰ কাৰণে তুমি কেনেকুৱা গৃহ নির্ম্মাণ কৰিবা? নাইবা, মোৰ জিৰণি লোৱা ঠায়েই বা কত?
50মোৰ হাতে জানো এই আটাইবোৰ স্ৰজা নাই?”

Read পাঁচনি 7পাঁচনি 7
Compare পাঁচনি 7:42-50পাঁচনি 7:42-50