Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 17

পাঁচনি 17:2-19

Help us?
Click on verse(s) to share them!
2পৌলে তেওঁৰ নিয়ম অনুযায়ী ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল আৰু একেৰাহে তিনিটা বিশ্রাম-বাৰত তেওঁলোকৰ সৈতে ধৰ্মশাস্ত্ৰৰ পৰা যুক্তিৰে আলোচনা কৰিলে।
3তেওঁ শাস্ত্ৰীয় বচন মেলি ব্যাখ্যা কৰিলে যে, খ্রীষ্টই দুখভোগ কৰা আৰু মৃত্যুৰ পৰা পুণর্জীৱিত হোৱাৰ প্রয়োজন আছিল। তেওঁ আকৌ ক’লে, “এই যি যীচুক মই আপোনালোকৰ আগত প্রচাৰ কৰিছোঁ, সেই যীচুৱেই হৈছে খ্রীষ্ট।”
4তাতে কিছুমান ইহুদীয়ে এই কথাত সন্মতি জনাই পৌল আৰু চীলৰ লগত যোগ দিলে। তাৰোপৰি অনেক ঈশ্বৰভক্ত গ্রীক আৰু গণ্য-মান্য মহিলা সকলকে ধৰি এক বৃহৎ দলে তেওঁলোকৰ লগত যোগ দিলে।
5কিন্তু বিশ্বাস নকৰা ইহুদী সকলে হিংসা কৰি বজাৰ অঞ্চলৰ পৰা কিছুমান দুষ্ট লোকক মাতি আনি একগোট কৰিলে আৰু নগৰৰ মাজত গণ্ডগোল লগাই দিলে। পৌল আৰু চীলক বিচাৰি মানুহবোৰৰ মাজলৈ নিবৰ বাবে তেওঁলোকে যাচোনৰ ঘৰ আক্রমণ কৰিলে।
6কিন্তু তাত তেওঁলোকক নাপাই যাচোন আৰু কোনো কোনো ভাইক টানি আনি চহৰৰ শাসনকর্তাৰ আগলৈ লৈ গ’ল আৰু চিঞৰি কবলৈ ধৰিলে, “যি লোক সকলে সমগ্র পৃথিৱী উলট-পালট কৰিছে, তেওঁলোক এতিয়া ইয়াতো উপস্থিত হৈছে,
7আৰু যাচোনে তেওঁলোকক আলহী কৰি ৰাখিছে। এই লোক সকলে চীজাৰৰ আজ্ঞা অমান্য কৰি কৈ ফুৰিছে যে, যীচু নামৰ আন এজন ৰজা আছে।”
8এইবোৰ কথা শুনি সমবেত জনতা আৰু নগৰৰ শাসনকর্তা সকল উদ্বিগ্ন হৈ পৰিল।
9তেওঁলোকে যাচোন আৰু আন লোক সকলৰ পৰা জৰিমনা ললে আৰু জৰিমনা আদায় দিয়াৰ পাছত তেওঁলোকক যাবলৈ এৰি দিলে।
10সেই ৰাতিয়েই ভাই সকলে পৌল আৰু চীলক বিৰয়ালৈ পঠাই দিলে। সেই ঠাই পাই তেওঁলোক ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল।
11থিচলনীকিৰ লোক সকলতকৈ বিৰয়াৰ লোক সকল উদাৰ মনোভাৱাপন্ন আছিল। তেওঁলোকে অতি আগ্রহেৰে বাক্য শুনি গ্রহণ কৰিলে আৰু সত্যতা জানিবলৈ প্রতিদিনে শাস্ত্ৰৰ বাক্য অনুসন্ধান কৰিলে।
12ইয়াৰ ফলত তেওঁলোকৰ মাজৰ অনেকে বিশ্বাস কৰিলে। এই বিশ্বাসী সকলৰ মাজত কেইজনমান প্রভাৱশালী গ্রীক মহিলা আৰু বহুত পুৰুষও আছিল।
13কিন্তু পৌলে বিৰয়ালৈ আহি ঈশ্বৰৰ বাক্য প্রচাৰ কৰি আছে বুলি শুনিবলৈ পাই থিচলনীকিৰ ইহুদী সকল সেই ঠাইলৈ আহি লোক সকলক উত্তেজিত কৰিলে।
14ভাই সকলে তেতিয়াই পলম নকৰি পৌলক সাগৰৰ তীৰলৈ পঠাই দিলে; কিন্তু চীল আৰু তীমথিয় বিৰয়াতে থাকিল।
15যি সকল লোকে পৌলক লগত লৈ গৈছিল, তেওঁলোকে তেওঁক আথিনী চহৰলৈ লৈ গ’ল আৰু পৌলক তাতে এৰিলে। পাছত তেওঁলোকে পৌলৰ পৰা চীল আৰু তীমথিয়ৰ কাৰণে এই আদেশলৈ আহিল যে, তেওঁলোকে যেন অতি সোনকালে পৌলৰ লগ লয়।
16আথিনী চহৰত পৌলে চীল আৰু তীমথিয়ৰ কাৰণে অপেক্ষাত থাকোতে, সেই চহৰ মূৰ্তিবোৰেৰে পূর্ণ হৈ থকা দেখিলে। তাতে তেওঁৰ অন্তৰ-আত্মা অতি ব্যথিত হৈ উঠিল।
17সেয়ে তেওঁ ইহুদী আৰু ঈশ্বৰক উপাসনা কৰা গ্রীক সকলৰ লগত নাম-ঘৰত যুক্তিৰে আলোচনা কৰিলে। বজাৰ অঞ্চলতো প্রতিদিনে লগ পোৱা লোক সকলৰ লগত আলোচনা কৰিলে।
18তাতে ইপিকূৰী আৰু স্তোয়িকী দর্শন-শাস্ত্রৰ দার্শনিক কেইজনমানে পৌলৰ লগত তর্ক-যুদ্ধত লিপ্ত হ’ল। কিছুমানে ক’লে, “এই জনে বকবকাই কি কবলৈ বিচাৰিছে?” আন কোনোবাই ক’লে, “ই দেখিছোঁ কোনোবা বিদেশী দেৱতাবোৰৰ কথা প্রচাৰ কৰিছে।” কাৰণ পৌলে যীচু আৰু তেওঁৰ পুনৰুত্থানৰ বিষয়ে কৈ আছিল।
19তেওঁলোকে পৌলক ধৰি আৰেয়পাগৰ সভালৈ নি সুধিলে, “আপুনি এই যি নতুন শিক্ষা দিছে, সেইটো কি, সেই বিষয়ে আমি জনিব পাৰোঁ নে?

Read পাঁচনি 17পাঁচনি 17
Compare পাঁচনি 17:2-19পাঁচনি 17:2-19