Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 16

পাঁচনি 16:12-29

Help us?
Click on verse(s) to share them!
12তাৰ পৰা আমি মাকিদনিয়াৰ ফিলিপী নগৰলৈ গলো। ফিলিপী নগৰ খন সেই এলেকাৰ এখন উল্লেখনীয় নগৰ আৰু ই এক ৰোমান উপনিৱেশ। আমি এই নগৰত বহু দিন থাকিলো।
13বিশ্রামবাৰে আমি নগৰৰ দুৱাৰৰ বাহিৰেদি নদীৰ কাষলৈ গলো; ভাৱিছিলো, তাত নিশ্চয় প্ৰাৰ্থনা কৰিবৰ বাবে ঠাই আছে৷ তাতে যি মহিলা সকল আহি একেলগে মিলিত হৈছিল, পাছত আমি তেওঁলোকৰ কাষত বহি কথা কবলৈ ধৰিলো।
14সেই মহিলা সকলৰ মাজত থুয়াতীৰা চহৰৰ ঈশ্বৰৰ উপাসনা কৰা লুদীয়া নামৰ এগৰাকী মহিলাও আছিল আৰু তেওঁ বেঙুনীয়া কাপোৰৰ ব্যৱসায় কৰিছিল। তেওঁ আমাৰ কথা শুনি আছিল। তাতে পৌলে যি কথা কৈ আছিল, সেই কথা মন দি শুনিবলৈ প্রভুৱে লুদীয়াৰ হৃদয় মুকলি কৰিলে।
15তাতে লুদীয়া আৰু পৰিয়ালৰ সকলোৱে বাপ্তিস্ম ললে আৰু আমাক অনুৰোধ কৰি ক’লে, “যদিহে মোক আপোনালোকে প্রভুৰ বিশ্বাসকাৰিণী বুলি বিবেচনা কৰে তেনেহলে মোৰ ঘৰত আহি থাককহি।” এইদৰে তেওঁ আমাক বৰকৈ জোৰ কৰিলে।
16এদিন আমি যেতিয়া প্ৰাৰ্থনাৰ ঠাইলৈ গৈ আছিলোঁ, তেতিয়া এক অশুচি আত্মাই লম্ভা এজনী অল্পবয়সীয়া ছোৱলী আমাৰ আগত আহি উপস্থিত হ’ল। অশুচি আত্মাৰ প্রভাৱত তাই ভৱিষ্যতৰ কথা কব পাৰিছিল আৰু এনেদৰে তাই মালিকবোৰক বহু লাভৱান কৰিছিল।
17এই ছোৱালী জনীয়ে পৌল আৰু আমাৰ পিছে পিছে আহিল আৰু উচ্চস্বৰে ক’লে “এই মানুহবোৰ সর্বোপৰি ঈশ্বৰৰ দাস। তেওঁলোকে পৰিত্রাণৰ পথৰ বিষয়ে আপোনালোকৰ আগত ঘোষণা কৰিছে।”
18এইদৰে তাই ভালেমান দিনলৈকে কৈ আছিল। শেষত পৌলে বিৰক্ত হৈ, পিছলৈ ঘূৰি সেই আত্মাক ক’লে, “মই তোক যীচু খ্রীষ্টৰ নামত আজ্ঞা দিছোঁ, তাইৰ পৰা বাহিৰ ওলা।” তেতিয়া লগে লগে সেই ভূতৰ আত্মা বাহিৰ ওলাই গ’ল।
19তাৰ পাছত তাইৰ মালিকবোৰে যেতিয়া দেখিলে যে, তেওঁলোকৰ লাভৰ আশা নোহোৱা হ’ল, তেতিয়া তেওঁলোকে পৌল আৰু চীলক ধৰি চোঁচৰাই বজাৰলৈকে আনি শাসনকৰ্তা জনৰ ওচৰলৈ লৈ গ’ল।
20তাৰ পাছত তেওঁলোকক শাসনকর্তা সকলৰ ওচৰলৈ নি ক’লে, “এওঁলোক ইহুদী মানুহ আৰু আমাৰ নগৰত এওঁলোকে গণ্ডগোল আৰম্ভ কৰিছে।
21এওঁলোকে এনেবোৰ শিক্ষা দিছে, যিবোৰ ৰোমান নাগৰিক হিচাপে গ্রহণ কৰা বা পালন কৰা আমাৰ কাৰণে নীতি বিৰুদ্ধ।”
22তেতিয়া আন জনতাও একেলগে পৌল আৰু চীলৰ বিৰুদ্ধে থিয় হ’ল। শাসনকর্তা সকলে পৌল আৰু চীলৰ কাপোৰ ফালি সিহঁতক বেতেৰে কোবাবলৈ আদেশ দিলে।
23অতিকৈ মাৰধৰ কৰাৰ পাছত তেওঁলোকক বন্দীশালত সুমুৱাই থলে আৰু কাৰাগাৰৰ অধ্যক্ষক কঢ়া পহৰা দিবলৈ আদেশ দিলে।
24কাৰাগাৰৰ অধ্যক্ষই এই আদেশ পাই পৌল আৰু চীলক জেলৰ ভিতৰ কক্ষলৈ নি কাঠৰ বেৰিত তেওঁলোকৰ ভৰি আৱদ্ধ কৰি বান্ধি থলে।
25তেতিয়া প্রায় মাজনিশা। পৌল আৰু চীলে ঈশ্বৰৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰি স্তুতি-গীত গাই আছিল। আন কয়দী সকলেও তেওঁলোকে গোৱা স্তুতি-গীত শুনি আছিল।
26এই সময়তে হঠাৎ এক বৰ ভূমিকম্প হ’ল আৰু বন্দীশালৰ ভেঁটি পর্যন্ত কঁপি উঠিল। তেতিয়া বন্দীশালৰ সকলো দুৱাৰ আৰু কয়দী সকলৰ শিকলিৰ বান্ধবোৰ খোল খাই গ’ল।
27কাৰাগাৰৰ অধ্যক্ষই টোপনিৰ পৰা সাৰ পাই কাৰাগাৰৰ দুৱাৰবোৰ মুকলি দেখি, নিজৰ তৰোৱাল উলিয়াই আত্মঘাতী হবলৈ বিচাৰিলে। কিয়নো তেওঁ ভাৱিলে যে, কয়দীবোৰ পলাই গ’ল।
28কিন্তু পৌলে চিঞৰি বৰ মাতেৰে ক’লে, “নিজৰ ক্ষতি নকৰিব৷ আমি সকলো ইয়াতে আছোঁ।”
29তেতিয়া কাৰাগাৰৰ অধ্যক্ষই কাৰোবাক চাকি আনিবলৈ কৈ ভিতৰলৈ দৌৰি গ’ল আৰু ভয়তে কঁপি কঁপি পৌল আৰু চীলৰ আগত উবুৰি খাই পৰিল।

Read পাঁচনি 16পাঁচনি 16
Compare পাঁচনি 16:12-29পাঁচনি 16:12-29