Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 12

পাঁচনি 12:19-25

Help us?
Click on verse(s) to share them!
19তেতিয়া হেৰোদে তেওঁক বিচাৰি নাপাই, প্ৰহৰী সকলৰ সোধ-বিচাৰ কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিলে৷ তেতিয়া তেওঁ যিহুদীয়াৰ পৰা চীজাৰিয়ালৈ গ’ল আৰু তাতে থাকিল৷
20তুৰীয়া আৰু চীদোনীয়া সকলৰ প্ৰতি হেৰোদৰ অতিশয় ক্ৰোধ আছিল৷ কিন্তু তেওঁলোকে একে আলোচনাৰে তেওঁৰ আগলৈ গৈ, ব্লাস্ত নামেৰে ৰজাৰ ভিতৰুৱাল ফুকনক তেওঁলোকৰ ফলীয়া কৰি, শান্তি স্হাপন কৰিবলৈ নিবেদন কৰিলে, কাৰণ এই ৰজাৰ দেশৰ পৰাই তেওঁলোকৰ দেশলৈ খোৱা বস্তুবোৰ আহিছিল৷
21এটা নিৰূপিত দিনত হেৰোদে ৰাজকীয় বস্ত্ৰ পিন্ধি বিচাৰৰ আসনত বহিছিল আৰু সেইদিনা তাৰ পৰা তেওঁলোকলৈ ভাষণ দিছিল৷
22তেতিয়া লোক সকলে ৰিঙিয়াই কলে, “এয়া এজন ঈশ্বৰৰ মাত, মানুহৰ মাত নহয়!”
23কিন্তু সেই প্ৰশংসা ঈশ্বৰক নিদিয়াত, প্ৰভুৰ দূতে তেতিয়াই তেওঁক আঘাত কৰিলে আৰু পোকে খোৱাত, তেওঁ প্ৰাণ ত্যাগ কৰিলে৷
24কিন্তু ঈশ্বৰৰ বাক্য ব্যাপক হাৰত বিয়পি গ’ল৷
25এইদৰে বাৰ্ণব্বা আৰু চৌলে যি পৰিচৰ্যা কৰ্মৰ দায়িত্ব পাইছিল, সেয়া তেওঁলোকে সিদ্ধ কৰিলে, আৰু মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যোহনক লগত লৈ যিৰূচালেমৰ পৰা উভতি আহিল৷

Read পাঁচনি 12পাঁচনি 12
Compare পাঁচনি 12:19-25পাঁচনি 12:19-25