Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 10

পাঁচনি 10:8-13

Help us?
Click on verse(s) to share them!
8তেওঁলোকক সকলো কথা তেওঁ বুজাই কলে, আৰু যাফোলৈ পঠাই দিলে৷
9পাছদিনা বাৰ মান বজাত তেওঁলোকে নগৰৰ ওচৰ পালে, সেই সময়ত পিতৰে প্ৰাৰ্থনা কৰিবৰ বাবে ঘৰৰ ওপৰলৈ উঠিছিল৷
10তেতিয়া তেওঁৰ ভোক লগাত খাবলৈ ইচ্ছা কৰিলে, কিন্তু লোক সকলে আহাৰ যুগুত কৰি থাকোতে তেওঁ মূৰ্ছিত হৈ পৰিল;
11আৰু আকাশ খন মুকলি হৈ, চাৰি চুকত ধৰি পৃথিৱীলৈ নমাই দিয়া ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ নমা দেখিলে৷
12তাত সকলো বিধৰ চাৰিঠেঙীয়া জন্তু, উৰগ আৰু আকাশৰ চৰাইবোৰ আছিল৷
13তেতিয়া তেওঁলৈ এনে বাণী হ’ল বোলে: “উঠা, মাৰি খোৱা৷”

Read পাঁচনি 10পাঁচনি 10
Compare পাঁচনি 10:8-13পাঁচনি 10:8-13