22তেওঁলোকে কলে, “কৰ্ণীলিয় নামেৰে ধাৰ্মিক আৰু ঈশ্বৰক উপাসনা কৰা আৰু গোটেই ইহুদী জাতিৰ আগত সুখ্যাতি পোৱা এনে এজন এশৰ সেনাপতিয়ে আপোনাক তেওঁৰ ঘৰলৈ মতাই নি, আপোনাৰ পৰা কথা শুনিবলৈ স্বৰ্গৰ পবিত্ৰ দূতৰ দ্বাৰাই ঈশ্বৰৰ আদেশ পাইছে৷”
23তেতিয়া পিতৰে তেওঁলোকক ৰাতিটো তেওঁৰ তাতে থকাৰ ব্যৱস্হা কৰি দিলে৷ পাছদিনা তেওঁ যাফোত থকা ভাই সকলৰ মাজৰ কেইজনমানক লগত লৈ তেওঁলোকৰ সৈতে যাত্ৰা কৰিলে৷
24তাৰ পাছদিনা তেওঁলোকে চীজাৰিয়ালৈ আহিল৷ কৰ্ণীলিয়ই নিজৰ জ্ঞাতি আৰু আত্মীয় বন্ধু সকলক গোট খুৱাই তেওঁলোকলৈ অপেক্ষা কৰি আছিল৷
25পিতৰ ঘৰত সোমাওঁতে কৰ্ণীলিয়ই দেখা কৰি তেওঁক সন্মান জনাবলৈ চৰণত পৰি প্ৰণাম কৰিলে৷
26কিন্তু পিতৰে তেওঁক তুলি ধৰি কলে, “উঠা; ময়ো মানুহহে৷”
27তাৰ পাছত যেতিয়া পিতৰে তেৱেঁ সৈতে কথা কৈ কৈ ঘৰত সোমাল, বহু মানুহ গোট খাই থকা দেখি,