Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 9

গীত 9:1-6

Help us?
Click on verse(s) to share them!
1হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম, আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম।
2মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম; হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম!
3মোৰ শত্রুবোৰ যেতিয়া উলটি গ’ল, তেতিয়া তেওঁলোক তোমাৰ সন্মুখত উজুটি খাই বিনষ্ট হ’ল।
4তোমাৰ সিংহাসনত বহি, তুমি ন্যায় বিচাৰ কৰিছা। কিয়নো তুমিয়েই মোৰ বিচাৰ কৰি মোৰ পক্ষে ৰায় দিছা।
5তুমি আন জাতিবোৰক ধমকি দিছা, দুষ্টবোৰক বিনষ্ট কৰিছা; তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা।
6শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল; তাৰ নগৰবোৰ তুমি উভালি পেলালা, সেইবোৰৰ নাম তুমি মচি পেলালা।

Read গীত 9গীত 9
Compare গীত 9:1-6গীত 9:1-6