Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 78

গীত 78:61-68

Help us?
Click on verse(s) to share them!
61নিজৰ সামর্থ্যক তেওঁ বন্দী-অৱস্থাত আৰু নিজৰ গৌৰৱক তেওঁ শত্রুৰ হাতত শোধাই দিলে।
62তেওঁৰ লোকসকলক তেওঁ তৰোৱালৰ হাতত সমৰ্পণ কৰিলে; আৰু নিজৰ লোকসকলৰ ওপৰত ক্ৰোধ প্রকাশ কৰিলে।
63তেওঁলোকৰ যুৱকসকলক অগ্নিৰে দগ্ধ কৰিলে; তেওঁলোকৰ ছোৱালীবোৰৰ বিবাহ নহল।
64তৰোৱালৰ আঘাতত তেওঁলোকৰ পুৰোহিতসকলৰ মৃত্যু হ’ল, তেওঁলোকৰ বিধৱাসকলে শোক প্রকাশ কৰিব নোৱাৰিলে।
65তেতিয়া প্ৰভু টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে হ’ল; দ্ৰাক্ষাৰস পান কৰি চিঞৰ-বাখৰ কৰা বীৰ যোদ্ধাৰ নিচিনাকৈ জাগি উঠিল।
66তেওঁৰ শত্রুবোৰক তেওঁ পিছলৈ আঁতৰাই দিলে; তেওঁ তেওঁলোকক চিৰকলীয়া অপমানত পেলালে।
67পাছত তেওঁ যোচেফৰ বংশক অগ্ৰাহ্য কৰিলে; ইফ্ৰয়িম ফৈদক তেওঁ মনোনীত নকৰিলে;
68কিন্তু তেওঁ যিহূদা ফৈদক মনোনীত কৰিলে, সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।

Read গীত 78গীত 78
Compare গীত 78:61-68গীত 78:61-68