Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 78

গীত 78:47-56

Help us?
Click on verse(s) to share them!
47তেওঁ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ দ্ৰাক্ষালতা নষ্ট কৰিলে, আৰু বৰ বৰ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ ডিমৰু গছবোৰ ধ্বংস কৰিলে।
48তেওঁ শিলাবৃষ্টিৰ মাজত তেওঁলোকৰ পশুবোৰ এৰি দিলে, বজ্রপাতৰ মাজত তেওঁলোকৰ পশুৰ জাকবোৰ শোধাই দিলে।
49তেওঁ তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ জ্বলন্ত অগ্নিময় খং, ক্রোধ, উন্মত্ততা আৰু দুখ-কষ্ট পঠাই দিলে; সেইবোৰ হ’ল ধ্বংসৰ কার্যত নিযুক্ত দূতৰ দল।
50তেওঁ নিজৰ ক্ৰোধৰ কাৰণে পথ যুগুত কৰিলে; তেওঁ মৃত্যুৰ পৰা তেওঁলোকক ৰেহাই নিদিলে, কিন্তু মহামাৰীৰ হাতত তেওঁলোকৰ জীৱন শোধাই দিলে।
51তেওঁ মিচৰ দেশৰ প্রত্যেকজন প্রথমে জন্মা পুৰুষ সন্তানক আঘাত কৰিলে, হাম বংশৰ তম্বুত তেওঁলোকৰ শক্তিৰ প্রত্যেকজন প্রথম ফলক আঘাত কৰিলে।
52তাৰ পাছত তেওঁ নিজৰ লোকসকলক মেৰ-ছাগৰ দৰে বাহিৰ কৰি আনিলে আৰু মৰুভূমিৰ মাজেদি মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক চলালে।
53তেওঁ তেওঁলোকক নিৰাপদে, কোনো ভয় নথকাকৈ চলাই আনিলে; কিন্তু সাগৰে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে।
54তেওঁ তেওঁৰ পবিত্ৰ ভূমিৰ সীমালৈ তেওঁলোকক লৈ আনিলে; যি দেশ তেওঁৰ সোহাঁতে অধিকাৰ কৰিলে, সেই পর্বতীয়া দেশলৈ তেওঁ তেওঁলোকক লৈ আনিলে।
55তেওঁ তেওঁলোকৰ সন্মূখৰ পৰা আন জাতিবোৰক দূৰ কৰিলে; সেই জাতিবোৰৰ ভূমি জৰীপ কৰি তেওঁ তেওঁলোকক আধিপত্য ভাগ-বাঁটি দিলে; আৰু ইস্ৰায়েলৰ ফৈদবিলাকক নিজ নিজ তম্বুত বাস কৰালে।
56কিন্তু তথাপিও তেওঁলোকে সৰ্ব্বোপৰি ঈশ্বৰক পৰীক্ষা কৰি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁলোকে তেওঁৰ আজ্ঞাবোৰ পালন নকৰিলে।

Read গীত 78গীত 78
Compare গীত 78:47-56গীত 78:47-56