Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 68

গীত 68:1-10

Help us?
Click on verse(s) to share them!
1ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; তেওঁক ঘিণাওঁতাবিলাক তেওঁৰ আগৰ পৰা দূৰ হওঁক।
2ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া; মম যেনেকৈ জুইৰ ওচৰত গলি যায়, তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক।
3কিন্তু ধাৰ্মিকসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক; তেওঁলোকে আনন্দ কৰি উল্লাস কৰক।
4তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা; মৰুভূমিৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা; তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা।
5ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা।
6অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।
7হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোক সকলৰ আগে আগে গৈছিলা, চেলা
8তেতিয়া পৃথিৱী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল; এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত; ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত।
9হে ঈশ্বৰ, তুমি প্রচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা; তুমি তোমাৰ শুকান দেশত পুনৰায় নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা।
10তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে; হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা।

Read গীত 68গীত 68
Compare গীত 68:1-10গীত 68:1-10