Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 59

গীত 59:5-14

Help us?
Click on verse(s) to share them!
5হে ঈশ্বৰ যিহোৱা, তুমি সৰ্বশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ, তুমিয়েই সকলো জাতিক শাস্তি দিবলৈ উঠা; কোনো দুর্নীতিপৰায়ণ পাপীক দয়া নকৰিবা। চেলা
6তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে গর্জন কৰে; নগৰৰ চাৰিওফালে ভ্ৰমণ কৰে।
7চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে, তেওঁলোকৰ ওঁঠত তৰোৱাল আছে; কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?”
8কিন্তু, হে যিহোৱা, তুমি তেওঁলোকক হাঁহা; তুমি সকলো জাতিকে উপহাস কৰিবা।
9ঈশ্বৰ যিহোৱা মোৰ ব’ল, মই তোমালৈ অপেক্ষা কৰিম; কিয়নো হে ঈশ্বৰ তুমি মোৰ উচ্চ দুৰ্গ।
10মোৰ ঈশ্বৰ দয়ালু, তেওঁৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা মোৰ সংগী; মোৰ শত্ৰুবোৰৰ পৰাজয়, ঈশ্বৰে মোক দেখিবলৈ দিব।
11মোৰ লোকসকলে যেন পাহৰি নাযায়, তাৰ বাবেই তেওঁলোকক বধ নকৰিবা। হে প্ৰভু, আমাৰ ঢাল; তুমি তোমাৰ শক্তিৰে গোট গোট কৰি তেওঁলোকক হীন অৱস্থালৈ আনা।
12তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে; তেওঁলোকে তেওঁলোকৰ অহংকাৰত ধৰা পৰক।
13তুমি ক্ৰোধত তেওঁলোকক সংহাৰ কৰা যাতে তেওঁলোক আৰু নাথাকে; যাকোবৰ মাজত ঈশ্বৰে যে শাসন কৰে, পৃথিবীৰ সীমালৈকে যে শাসন কৰে, তাক তেওঁলোকে জানক। চেলা
14তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে ৰাও কাঢ়ক; নগৰত চাৰিওফালে ভ্ৰমণ কৰক।

Read গীত 59গীত 59
Compare গীত 59:5-14গীত 59:5-14