8মই বৰ দুৰ্ব্বল আৰু ভাগি পৰিছোঁ; মনৰ ব্যাকুলতাত মই কেঁকাই আছোঁ।
9হে যিহোৱা, মোৰ সকলো কামনা-বাসনা তুমি জানা; মোৰ হুমুনিয়াহ তোমাৰ পৰা লুকাই থকা নাই।
10মোৰ বুকু ধপধপাইছে; মোৰ শক্তি নোহোৱা হৈ গৈছে; এনে কি মোৰ চকুও অন্ধকাৰ হৈ গৈছে।
11মোৰ এই অৱস্থা দেখি, বন্ধু-বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে, মোৰ চুবুৰীয়াসকলেও আঁতৰত থাকে।
12যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে, যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়; তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে।
13মই কলা মানুহৰ নিচিনা হ’লো, একোকে নুশুনো; মই মুখ মেলিব নোৱাৰা বোবা মানুহৰ নিচিনা হ’লো।