Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 26

গীত 26:2-11

Help us?
Click on verse(s) to share them!
2হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা; মোৰ হৃদয় আৰু মনক খপি চোৱা।
3কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে, মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰোঁ।
4প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই। অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।
5মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ; দুষ্ট লোকৰ লগত নবহো।
6হে যিহোৱা, মই মোৰ নিৰ্দোষীতাত হাত ধোওঁ, আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰোঁ,
7যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ; তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ।
8হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা, তোমাৰ গৌৰৱ সেই ঠাইত থাকে, মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।
9পাপীবোৰৰ লগত মোৰ প্ৰাণ লৈ নাযাবা; ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।
10তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে; তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা।
11কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ; মোক মুক্ত কৰা; মোক কৃপা কৰা।

Read গীত 26গীত 26
Compare গীত 26:2-11গীত 26:2-11