2হে মোৰ ঈশ্বৰ মই দিনত তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ, কিন্তু তুমি উত্তৰ নিদিয়া, ৰাতিও প্ৰাৰ্থনা কৰোঁ; মই চুপ হৈ নাথাকো!
3কিন্তু তুমি হলে পবিত্ৰ, ইস্ৰায়েলৰ প্ৰশংসাৰ সিংহাসনত তুমি বহি আছা।
4তোমাৰ ওপৰতে আমাৰ পূর্বপুৰুষসকলে ভাৰসা কৰিছিল; তেওঁলোকে ভাৰসা কৰিলে আৰু তুমি তেওঁলোকক উদ্ধাৰ কৰিলা।
5তেওঁলোকে তোমাৰ আগত কাতৰোক্তি কৰিলে আৰু উদ্ধাৰ পালে; তোমাৰ ওপৰত ভাৰসা কৰি তেওঁলোক লাজত নপৰিল।