Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 20

গীত 20:1-5

Help us?
Click on verse(s) to share them!
1সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক, যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক,
2তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক; তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক।
3তোমাৰ সকলো উৎসৰ্গৰ কথা তেওঁ সোঁৱৰণ কৰক; তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা)
4তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক। তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক।
5তোমাৰ বিজয়ত আমি যেন আনন্দ-ধ্বনি কৰিম; আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম; যিহোৱাই তোমাৰ সকলো প্ৰাৰ্থনা সাম্ফল কৰক।

Read গীত 20গীত 20
Compare গীত 20:1-5গীত 20:1-5