10তেওঁলোকে তেওঁলোকৰ হৃদয়ত থকা মমতাৰ দুৱাৰ বন্ধ কৰি ৰাখিছে, তেওঁলোকে মুখেৰে অহংকাৰৰ কথা কয়;
11তেওঁলোকে মোক বিচাৰিলে আৰু এতিয়া মোক চাৰিওফালে ঘেৰি ধৰিছে; তেওঁলোকে মোৰ ওপৰত চোকা দৃষ্টি ৰাখিছে, যাতে মোক মাটিত পেলাব পাৰে।
12তেওঁলোক চিকাৰ ছিৰা-ছিৰ কৰিবলৈ আগ্রহী হোৱা সিংহৰ নিচিনা; গোপনে খাপ পাতি থকা ডেকা সিংহৰ সদৃশ।