Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 149

গীত 149:1-6

Help us?
Click on verse(s) to share them!
1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা, ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,
2ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক; চিয়োনৰ সন্তান সকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক।
3তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক, খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।
4কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।
5ভক্তসকলে বিজয়ত উল্লাসিত হওক; তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক।
6তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক, তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক;

Read গীত 149গীত 149
Compare গীত 149:1-6গীত 149:1-6