Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 146

গীত 146:1-6

Help us?
Click on verse(s) to share them!
1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা।
2মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম, জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
3তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা; তেওঁলোকে সহায় কৰিব নোৱাৰে।
4তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়; সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়।
5যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য; যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।
6তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা, তেওঁ অনন্তকালে বিশ্বাসযোগ্য।

Read গীত 146গীত 146
Compare গীত 146:1-6গীত 146:1-6