Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 135

গীত 135:12-17

Help us?
Click on verse(s) to share them!
12তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে; নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে।
13হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী; হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী।
14কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব, নিজ দাসবোৰক কৃপা কৰিব।
15জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ; সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য।
16সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;
17কাণ আছে, কিন্তু নুশুনে, সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই।

Read গীত 135গীত 135
Compare গীত 135:12-17গীত 135:12-17