1হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো।
2হে প্ৰভু, মোৰ স্বৰ শুনা! মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া!
3হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?
4কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মানুহে তোমাক ভয় কৰে।
5মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছোঁ।