Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 119

গীত 119:152-166

Help us?
Click on verse(s) to share them!
152বহুত দিনৰ আগেয়ে মই তোমাৰ আজ্ঞাবোৰৰ পৰা জানিছোঁ যে, তুমি সেইবোৰ চিৰকালৰ কাৰণে স্থাপন কৰিলা।
153তুমি মোৰ দুখলৈ দৃষ্টি কৰা আৰু মোক উদ্ধাৰ কৰা; কিয়নো মই তোমাৰ ব্যৱস্থা নাপাহৰো।
154মোৰ পক্ষে বিবাদ নিষ্পত্তি কৰা আৰু মোক মুক্ত কৰা; তোমাৰ বাক্যত কৰা প্রতিজ্ঞা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা;
155দুষ্টবোৰৰ পৰা পৰিত্ৰাণ দূৰৈত থাকে; কিয়নো তেওঁলোকে তোমাৰ বিধিবোৰ নিবিচাৰে।
156হে যিহোৱা, তোমাৰ কৰুণা অনেক বেচি; তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
157মোৰ তাড়নাকাৰী আৰু শত্ৰু অনেক; কিন্তু মই তোমাৰ আজ্ঞাবোৰৰ পৰা আঁতৰি যোৱা নাই।
158মই বিশ্বাস ঘাতকবোৰক দেখি ঘিণ কৰোঁ; কাৰণ তেওঁলোকে তোমাৰ বাক্য পালন নকৰে।
159চোৱা, মই তোমাৰ আদেশবোৰ কিমান যে ভাল পাওঁ! হে যিহোৱা, তোমাৰ সুস্থিৰ প্রেম অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
160তোমাৰ সমস্ত বাক্য সত্য; তোমাৰ প্ৰত্যেকটো ধার্মিক শাসন-প্ৰণালী চিৰকাল স্থায়ী।
161অধিকাৰীসকলে মোক অকাৰণে তাড়না কৰে; কিন্তু মোৰ হৃদয়ে তোমাৰ বাক্যলৈ ভয় ৰাখে।
162মই এনেকৈ তোমাৰ বাক্যত আনন্দ কৰোঁ, যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱা জনে আনন্দ কৰে।
163মই মিছাক ঘিণাওঁ আৰু তুচ্ছ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক প্ৰেম কৰোঁ।
164তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই দিনে সাতবাৰকৈ তোমাৰ প্ৰশংসা কৰোঁ।
165যিসকলে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁলোকৰ পৰম শান্তি হয়; একোতেই তেওঁলোক উজুটি নাখায়।
166হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আশাৰে আছোঁ; মই তোমাৰ আজ্ঞাবোৰ পালন কৰিলোঁ।

Read গীত 119গীত 119
Compare গীত 119:152-166গীত 119:152-166