9তেওঁ সিংহৰ দৰে পৰি শুলে, সিংহীৰ দৰে শয়ন কৰিলে; কোনে তেওঁক জগাব? তোমাক আশীৰ্ব্বাদ দিওঁতা প্ৰতিজন আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক, আৰু তোমাক শাও দিওঁতা প্ৰতিজন অভিশপ্ত হওঁক।
10তেতিয়া বিলিয়মলৈ বালাকৰ ক্ৰোধ জ্বলি উঠিলত, তেওঁ নিজৰ হাতত চাপৰ মাৰিলে। আৰু বালাকে বিলিয়মক ক’লে, “মোৰ শত্ৰুবোৰক শাও দিবলৈ মই তোমাক অনিলোঁ, কিন্তু চোৱা, তিনিবাৰ তুমি সকলো প্ৰকাৰে তেওঁলোকক আশীৰ্ব্বাদহে কৰিলা।
11এই হেতুকে মোক এতিয়াই এৰা আৰু নিজ ঘৰলৈ গুচি যোৱা। মই তোমাক অতিশয় সন্মানিত কৰিম বুলি কৈছিলোঁ, কিন্তু চোৱা, যিহোৱাই তোমাক সন্মানিত হোৱাৰ পৰা আঁতৰাই ৰাখিলে।”
12তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি পঠিওৱা দূতবোৰৰ আগত মই কোৱা নাছিলো নে যে,
13‘যদি বালাকে সোণ আৰু ৰূপেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই নিজ ইচ্ছাৰে ভাল বা বেয়া কাৰ্য কৰিবলৈ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ; যিহোৱাই যিহকে ক’ব, মই তাকেই ক’ম।’
14এতিয়া চোৱা, মই এই স্ব-জাতীয় লোকসকলৰ ওচৰলৈ যাওঁ। আহা, এই জাতিয়ে পাছত তোমাৰ প্ৰজাসকলক কি কৰিব, তাক মই তোমাক জনাওঁ।”
15বিলিয়ামে নিজৰ পদ্য গাই ক’লে, বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু মেলা আছিল, সেই পুৰুষে কৈছে।