Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 21

গননা 21:3-11

Help us?
Click on verse(s) to share them!
3তেতিয়া যিহোৱাই ইস্ৰায়েলৰ বাক্যলৈ কাণ দিলে, সেই কনানীয়াসকলক সমৰ্পণ কৰিলে। তেতিয়া লোকসকলে তেওঁলোকক আৰু তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিলে। সেই ঠাইৰ নাম হৰ্মা ৰখা হ’ল।
4পাছত তেওঁলোকে ইদোম দেশ ঘূৰিবৰ অৰ্থে, চূফ সাগৰৰ বাটেদি হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰিলে। আৰু বাটৰ কাৰণে লোকসকলৰ মন অতিশয় অধৈৰ্য হ’ল।
5আৰু লোকসকলে ঈশ্বৰ ও মোচিৰ বিৰুদ্ধে ক’বলৈ ধৰিলে: বোলে, “মৰুভূমিত মৰিবলৈ তোমালোকে মিচৰৰ পৰা আমাক কেলেই উলিয়াই আনিলা?” কিয়নো আহাৰো নাই পানীও নাই আৰু আমাৰ মনে এই সামান্য আহাৰ ঘিণ কৰিছে।
6তেতিয়া যিহোৱাই লোকসকলৰ মাজলৈ বিষাক্ত সাপ পঠিয়ালে আৰু সেইবোৰে দংশিবলৈ ধৰাত ইস্ৰায়েলৰ মাজত অনেক লোক মৰিল।
7লোকসকলে মোচিৰ গুৰিলৈ আহি ক’লে, “আমি গুপ্ত পাপ কৰিলোঁ, কাৰণ আমি যিহোৱা আৰু তোমাৰ বিৰুদ্ধে কথা কলোঁ। আমাৰ ওচৰৰ পৰা যিহোৱাই সাপবোৰ দূৰ কৰিবৰ বাবে, তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰা।” তেতিয়া মোচিয়ে লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিলে।
8যিহোৱাই মোচিক ক’লে, “তুমি এটা বিষাক্ত সাপ সাজি এডাল খুটিৰ ওপৰত নিচানস্বৰূপে তুলি ৰাখিবা। তেতিয়া সাপে দংশা যিকোনো লোকে যদি তালৈ চায়, সেইজন জীৱ।”
9তেতিয়া মোচিয়ে পিতলৰ এটা সাপ বনাই নিচানস্বৰূপে এডাল খুটিত তুলি ৰাখিলে। যেতিয়া সাপে কোনো মানুহক দংশিলে, তেতিয়া তেওঁ সেই পিতলৰ সাপলৈ দৃষ্টি কৰি জীলে।
10তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰি এবোতত ছাউনি পাতিলে।
11আৰু এবোতৰ পৰা যাত্ৰা কৰি সূৰ্য ওলোৱা দিশে মোৱাবৰ সন্মুখে থকা মৰুভূমিৰ ইয়ে-অবাৰীমত ছাউনি পাতিলে।

Read গননা 21গননা 21
Compare গননা 21:3-11গননা 21:3-11