20আৰু বামোতৰ পৰা উপত্যকাইদি মোৱাবৰ দেশলৈ। সেয়ে যিচীমোনৰ ফাললৈ মুখ কৰি থকা পিচগা পৰ্ব্বতৰ টিঙলৈ গ’ল।
21পাছত ইস্ৰায়েলে ইমোৰীয়াসকলৰ ৰজা চীহোনৰ গুৰিলৈ দূতৰ দ্বাৰাই এই কথা কৈ পঠিয়ালে বোলে,
22“তুমি নিজ দেশৰ মাজেদি মোক যাবলৈ দিয়া; আমি শস্যক্ষেত্ৰত বা দ্ৰাক্ষা-ক্ষেত্ৰত নোসোমাও আৰু নাদৰ পানীও নাখাওঁ। তোমাৰ সীমা পাৰ নহওঁমানে ৰাজবাটে গৈ থাকিম।”
23তথাপি চীহোনৰ ৰজাই নিজ অঞ্চলৰ মাজেদি ইস্ৰায়েলক যাবলৈ নিদিলে। কিন্তু চীহোনে নিজৰ সকলো প্ৰজাক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে মৰুভূমিলৈ ওলাল আৰু যহচলৈ গৈ ইস্ৰায়েলে সৈতে যুদ্ধ কৰিলে।
24ইস্ৰায়েলে তৰোৱালৰ ধাৰত তেওঁক আঘাত কৰি, অৰ্ণোনৰ পৰা যব্বোকলৈকে অম্মোনৰ সন্তান সকলৰ সীমালৈকে তেওঁৰ দেশ অধিকাৰ কৰিলে; কাৰণ অম্মোনৰ সন্তান সকলৰ সীমা গড়েৰে দৃঢ় আছিল।
25এইদৰে ইস্ৰায়েলে সেই সকলো নগৰ হাত কৰি ললে; আৰু ইস্ৰায়েলে ইমোৰীয়াসকলৰ আটাই নগৰত, হিচবোনত আৰু তাৰ সকলো উপত্যকাবোৰত বাস কৰিবলৈ ধৰিলে।
26কিয়নো হিচবোন ইমোৰীয়াহঁতৰ ৰজা চীহোনৰ নগৰ আছিল; সেই চীহোনে মোৱাবৰ আগৰ ৰজাৰ অহিতে যুদ্ধ কৰি তেওঁৰ হাতৰ পৰা অৰ্ণোনলৈকে তেওঁৰ আটাই দেশ লৈছিল।
27এই কাৰণে কবি সকলে কয়, “তোমালোক হিচবোনলৈ আহা, চীহোনৰ নগৰ সজা আৰু দৃঢ় কৰা হওঁক।
28কিয়নো হিচবোনৰ পৰা অগ্নি-শিখা ওলাই, চীহোনৰ পৰা শিখাই, মোৱাবৰ আৰ লগৰ গ্ৰাস কৰিলে, আৰু অৰ্ণোনৰ ওখ ঠাইবোৰৰ প্ৰভুসকলক গ্ৰাস কৰিলে।
29হে মোৱাব!, তোমাৰ সন্তাপ হ’ল, আৰু হে কমোচৰ প্ৰজা, তুমি বিনষ্ট থ’লো; সি নিজৰ পুতেকসকলক পলাবলৈ, আৰু নিজৰ জীয়েকসকলক বন্দী অৱস্থাত পৰিবলৈ এৰি দিলে, ইমোৰীয়াসকলক ৰজা চীহোনৰ হাতত সমৰ্পণ কৰিলে।
30আৰু আমি তেওঁলোকলৈ বাণ মাৰিলোঁ; দীবোনলৈকে হিচবোন বিনষ্ট হ’ল। মেদবালৈ বিস্তৃত নোফহলৈকে আমি সকলোকে ধ্বংস কৰিলোঁ।”
31এইদৰে ইস্ৰায়েলে ইমোৰীয়াসকলৰ দেশত বাস কৰিবলৈ ধৰিলে।
32মোচিয়ে যাজেৰক গুপুতে চাবলৈ মানুহ পঠালে। তাৰ পাছত লোকসকলে তাৰ সকলো উপনগৰ হাত কৰি লৈ, তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।
33তেতিয়া তেওঁলোক ঘূৰি বাচানৰ বাটেদি উঠি গ’ল। তেওঁলোকৰ বিৰুদ্ধে ইদ্ৰেয়ীত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো প্ৰজাসকল ওলাল।