Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 20

গননা 20:18-29

Help us?
Click on verse(s) to share them!
18তাতে ইদোমৰ ৰজাই তেওঁক উত্তৰ দি ক’লে, “তুমি মোৰ দেশৰ মাজেদি যাব নোৱাৰা; গ’লে মই তৰোৱাল লৈ তোমাৰ বিৰুদ্ধে ওলাম।”
19তেতিয়া ইস্ৰায়েলৰ সন্তানসকলে তেওঁক ক’লে, “আমি কেৱল ৰাজবাটেদি যাম, যদি মই আৰু মাৰ পশুবোৰে তোমাৰ পানী খায়, তেন্তে মই তাৰ মূল্য দিম; মোক আন একোকে নালাগে, কেৱল মোক খোজকাঢ়ি যাব দিয়া।”
20কিন্তু তেওঁ উত্তৰ দি ক’লে, “তুমি ইয়াৰ মাজেৰে যাবলৈ নোৱৰিবা।” পাছত ইদোমৰ ৰজাই অনেক সৈন্যক লগত লৈ বাহুবল দেখুৱাই তেওঁৰ বিৰুদ্ধে ওলাল।
21এইদৰে ইদোমৰ ৰজাই ইস্ৰায়েলক নিজ অঞ্চলৰ মাজেদি যাবলৈ অনুমতি দিবলৈ অমান্তি হ’ল। সেইবাবেই ইস্ৰায়েল তেওঁৰ পৰা ঘুৰি আন বাটেদি গ’ল।
22তাৰ পাছত ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজে কাদেচৰ পৰা যাত্ৰা কৰি হোৰ পৰ্ব্বত পালেগৈ।
23তেতিয়া ইদোম দেশৰ সীমাৰ ওপৰত থকা হোৰ পৰ্ব্বতত যিহোৱাই মোচি আৰু হাৰোণক কথা ক’লে,
24“হাৰোণক নিজ লোকসকলৰ লগলৈ নিয়া হ’ব; কিয়নো মই ইস্ৰায়েলৰ সন্তান সকলক দিয়া দেশত তেওঁ সোমাব নোৱাৰিব। কাৰণ মিৰীবা জলৰ ওচৰত তোমালোক দুয়োই মোৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা।
25তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰক হোৰ পৰ্ব্বতলৈ লৈ যোৱা।
26আৰু হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধোৱা। হাৰোণক নিজ লোকসকলৰ লগত নিয়া হ’ব, আৰু তেওঁ সেই ঠাইতে মৰিব।”
27তেতিয়া মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে কৰিলে। তেওঁলোকে গোটেই সমাজৰ আগতে হোৰ পৰ্ব্বতলৈ উঠি গ’ল।
28আৰু মোচিয়ে হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধালে। আৰু হাৰোণ সেই পৰ্ব্বতৰ টিঙত থকা ঠাইতে মৰিল। পাছে মোচি আৰু ইলিয়াজৰ পৰ্ব্বতৰ পৰা নামি আহিল।
29যেতিয়া গোটেই সমাজে হাৰোণৰ মৃত্যু হোৱা দেখিলে, তেতিয়া ইস্ৰায়েলৰ গোটেই বংশই হাৰোণৰ কাৰণে ত্ৰিশ দিনলৈকে ক্ৰন্দন কৰিলে।

Read গননা 20গননা 20
Compare গননা 20:18-29গননা 20:18-29