10সেইবোৰ মোৰ বাবে সংৰক্ষিত অতি পবিত্ৰ বস্তু, তোমালোকে এইবোৰ নিশ্চয় খাবা। প্ৰতিজন পুৰুষে সেইবোৰ নিশ্চয় খাব লাগিব। সেইবোৰ মোৰ বাবে সংৰক্ষিত তোমাৰ পক্ষে পবিত্ৰ হ’ব।
11আৰু এইবোৰ তোমাৰ হ’ব: অৰ্থাৎ ইস্ৰায়েলৰ সন্তান সকলে দান দিয়া সকলো উত্তোলনীয় নৈবেদ্য আৰু তেওঁলোকৰ সকলো দোলনীয় নৈবেদ্য; চিৰকালৰ অধিকাৰৰ অৰ্থে মই তোমাৰ আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক সেইবোৰ দিলোঁ; তোমাৰ বংশৰ সকলো শুচি লোকে সেইবোৰ ভোজন কৰিব পাৰিব।
12তেওঁলোকে সকলো উত্তম তেল, উত্তম দ্ৰাক্ষা ৰস আৰু শস্য আদিৰ যি যি আগভাগ যিহোৱাৰ উদ্দেশ্যে দিব, সেইবোৰ মই তোমাক দিলোঁ।
13তেওঁলোকৰ ভূমিত উৎপন্ন হোৱা ফল আদিৰ প্ৰথমে পকা যি ভাগ তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে আনিব, সেয়ো তোমাৰেই হ’ব। তোমাৰ বংশৰ সকলো শুচিলোকে তাক ভোজন কৰিব পাৰিব।
14ইস্ৰায়েলৰ মাজত বৰ্জিত কৰি দিয়া সকলো বস্তু তোমাৰেই হ’ব।