Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 16

গননা 16:35-45

Help us?
Click on verse(s) to share them!
35তেতিয়া যিহোৱাৰ পৰা অগ্নি ওলাই ধূপ উৎসৰ্গ কৰা সেই দুশ পঞ্চাশ জনক গ্ৰাস কৰিলে।
36আকৌ যিহোৱাই মোচিক ক’লে,
37“তুমি হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক অগ্নিয়ে গ্ৰাস কৰা ঠাইৰ পৰা এই সকলো আঙঠা ধৰা তুলি নিবলৈ আৰু তাৰ জুই দূৰৈত সিচঁৰিত কৰি পেলাই দিবলৈ কোৱা; কিয়নো সেইবোৰ আঙঠা ধৰা পবিত্ৰ।
38নিজৰ প্ৰাণৰ বিৰুদ্ধে পাপ কৰা সেই লোকসকলৰ আঙঠা ধৰাবোৰ পিতাই যজ্ঞবেদী ঢাকিবৰ বাবে লোকসকলে পতা কৰক; কিয়নো তেওঁলোকে সেইবোৰ যিহোৱাৰ আগত উৎসৰ্গ কৰিলে; এইহেতুকে সেইবোৰ পবিত্ৰ; আৰু সেইবোৰ ইস্ৰায়েলৰ সন্তান সকললৈ চিন হ’ব।
39তাতে সেই গ্ৰাসিত লোকসকলে উৎসৰ্গ কৰা পিতলৰ আঙঠা ধৰাবোৰ ইলিয়াজৰ পুৰোহিতে নিলে,
40আৰু মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণৰ অৰ্থে, অৰ্থাৎ হাৰোণৰ বংশৰ বাহিৰে আন বংশৰ কোনো মানুহ যেন যিহোৱাৰ আগত ধূপ উৎসৰ্গ কৰিবৰ নিমিত্তে ওচৰ নাচাপে আৰু কোৰহৰ ও তাৰ দলৰ দৰে নহয়, এই কাৰণে সেইবোৰ পিতাই যজ্ঞবেদীৰ ঢাকনিৰ অৰ্থে পতা কৰা হ’ল।
41তথাপি পাছদিনা ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজে মোচি আৰু হাৰোণৰ বিৰুদ্ধে বকি ক’লে, “তোমালোকেই যিহোৱাৰ প্ৰজাসকলক বধ কৰিলা।”
42তেতিয়া মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খালত, তেওঁলোকে সাক্ষাৎ কৰা তম্বুলৈ মুখ ঘূৰাই দেখিলে, যে, মেঘে তাক ঢাকিছে আৰু যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হৈছে।
43তেতিয়া মোচি আৰু হাৰোণ সাক্ষাৎ কৰা তম্বুৰ আগলৈ গ’ল।
44তেতিয়া যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
45“তোমালোকে এই সমাজৰ মাজৰ পৰা আঁতৰি যোৱা, মই এক নিমিষতে এওঁলোকক সংহাৰ কৰোঁ।” তেতিয়া তেওঁলোক উবুৰি হৈ পৰিল।

Read গননা 16গননা 16
Compare গননা 16:35-45গননা 16:35-45