Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 15

গননা 15:9-20

Help us?
Click on verse(s) to share them!
9তেতিয়া সেই দমৰাই সৈতে, হীনৰ আধা ভাগ তেল মিহলোৱা দহ ভাগৰ তিনি ভাগ মিহি আটাগুড়িৰ ভক্ষ্য নৈবেদ্য অনা হ’ব।
10আৰু পেয় নৈবেদ্যৰ অৰ্থে হীনৰ আধা ভাগ দ্ৰাক্ষাৰস আনিবা; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
11প্ৰত্যেক দমৰা নাইবা প্ৰত্যেক মতা মেৰ, বা প্ৰত্যেক মতা মেৰ পোৱালি; বা প্ৰত্যেক মেৰ-ছাগ পোৱালিৰ কাৰণে এইদৰে কৰিব লাগিব।
12তোমালোকে যিমান পশু উৎসৰ্গ কৰিবা, সেইবোৰৰ সংখ্যা অনুসাৰে প্ৰত্যেক পশুলৈ এইদৰে কৰিবা।
13স্বদেশীয় লোকসকলে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবৰ সময়ত, তেওঁলোক আটায়ে এই নিয়মৰ দৰে সেই সকলো যুগুত কৰিব।
14আৰু তোমালোকৰ লগত প্ৰবাস কৰা কোনো বিদেশী লোকে, নাইবা তোমালোকৰ মাজত পুৰুষানুক্ৰমে বাস কৰা কোনো লোকে যদি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিবৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিব খোজে, তেন্তে তোমালোকে যেনেকৈ কৰা, তেৱোঁ তেনেকৈ কৰিব।
15সমাজৰ কাৰণে হ’লে, তোমালোক আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোক, উভয়ৰে একেটা বিধি হ’ব: এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰ স্থায়ী বিধি। যিহোৱাৰ আগত তোমালোক যেনে, বিদেশীও তেনে।
16তোমালোকৰ আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী, উভয়েৰে একে বিধি আৰু একে শাসন প্ৰণালী হ’ব’।”
17পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
18“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশলৈ লৈ আহিছোঁ, সেই দেশত সোমোৱাৰ পাছত,
19তোমালোকে সেই দেশৰ অন্ন ভোজন কৰা কালত, যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় নৈবেদ্য উৎসৰ্গ কৰিবা।
20তোমালোকে প্ৰথমে উৎপন্ন হোৱা শস্যৰ খৰচীয়া আটাৰ এটা পিঠা উত্তোলনীয় নৈবেদ্যস্বৰূপে উৎসৰ্গ কৰিবা; মৰণা মৰা খোলাৰ উত্তোলনীয় নৈবেদ্যৰ নিচিনাকৈ ইয়াকো উৎসৰ্গ কৰিবা।

Read গননা 15গননা 15
Compare গননা 15:9-20গননা 15:9-20