Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 15

গননা 15:28-41

Help us?
Click on verse(s) to share them!
28আৰু যিহোৱাৰ সাক্ষাতে সেই লোকে ভূলক্ৰমে পাপ কৰাত, সেই ভূল কৰা লোকক প্ৰায়শ্চিত্ত কৰিবলৈ পুৰোহিতে তেওঁৰ বাবে প্ৰায়শ্চিত্ত কাৰ্য কৰিব; তাতে তেওঁক ক্ষমা কৰা হ’ব।
29ইস্ৰায়েলৰ সন্তান সকলৰ স্বজাতীয় বা তেওঁলোকৰ মাজত প্ৰাবস কৰা বিদেশী হওঁক উভয়ৰে বাবে, ভূলক্ৰমে কোনো কাৰ্য কৰা লোকৰ অৰ্থে একেটা বিধি হ’ব।
30কিন্তু স্বদেশীয় কি বিদেশীয় যি লোকে কৰোঁ বুলি পাপ কৰিব, তেওঁ যিহোৱাক অপমান কৰা হ’ব; সেই লোকক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
31কিয়নো তেওঁ যিহোৱাৰ বাক্য হেয়জ্ঞান কৰিলে আৰু তেওঁৰ আজ্ঞা লঙ্ঘন কৰিলে; অৱশ্যে সেই মানুহক উচ্ছন্ন কৰা হ’ব আৰু তাৰ দোষ তাৰ গাতে থাকিব’।”
32ইস্ৰায়েলৰ সন্তান সকল যেতিয়া মৰুভূমিত আছিল, তেতিয়া তেওঁলোকে বিশ্ৰাম দিনত এজনক খৰি বুটলা পালে।
33আৰু যিসকলে তেওঁক খৰি বুটলা পাইছিল, তেওঁলোকে মোচি, হাৰোণ আৰু গোটেই সমাজৰ আগলৈ তেওঁক আনিলে।
34আৰু তেওঁলোকে তেওঁক বন্ধ কৰি ৰাখিলে; কিয়নো তেওঁলৈ কি কৰা উচিত, সেয়ে ঠিককৈ প্ৰকাশিত হোৱা নাছিল।
35পাছত যিহোৱাই মোচিক ক’লে, “সেই মানুহৰ প্ৰাণদণ্ড অৱশ্যে হ’ব লাগে; গোটেই সমাজে তাক ছাউনিৰ বাহিৰলৈ নি শিল দলিয়াই বধ কৰিব।
36তেতিয়া, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, গোটেই সমাজে তেওঁক ছাউনিৰ বাহিৰলৈ লৈ গৈ, তেওঁ মৰাকৈ, তেওঁলৈ শিল দলিয়ালে।
37পাছত যিহোৱাই আকৌ মোচিক ক’লে। তেওঁ ক’লে
38“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া; তেওঁলোকে পুৰুষানুক্ৰমে নিজ নিজ কাপোৰৰ চুকত আৰিবলৈ সূতাৰ থোপা সাজক আৰু নিজ নিজ কাপোৰৰ চুকত লগাব লগীয়া থোপাত নীল বৰণীয়া ফিতা লগাওঁক।
39তোমালোকে যেন সেই থোপা দেখি, যিহোৱাৰ আজ্ঞাবোৰ সোঁৱৰণ কৰি পালন কৰা আৰু নিজৰ যি মন আৰু চকুৰ পাছত চলি তোমালোকে ব্যভিচাৰী হৈছিলা, সেই মন আৰু চকুৰ পাছত যেন আৰু নচলা।
40কিন্তু মোৰ সকলো আজ্ঞা সোঁৱৰি পালন কৰি, নিজ ঈশ্বৰৰ উদ্দেশ্যে যেন পবিত্ৰ হোৱা, এই কাৰণে তোমালোকলৈ সেই থোপা হ’ব।
41তোমালোকৰ ঈশ্বৰ যিহোৱা হ’বৰ কাৰণে, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, ময়েই তোমালোকৰ সেই ঈশ্বৰ যিহোৱা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”

Read গননা 15গননা 15
Compare গননা 15:28-41গননা 15:28-41