15সমাজৰ কাৰণে হ’লে, তোমালোক আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোক, উভয়ৰে একেটা বিধি হ’ব: এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰ স্থায়ী বিধি। যিহোৱাৰ আগত তোমালোক যেনে, বিদেশীও তেনে।
16তোমালোকৰ আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী, উভয়েৰে একে বিধি আৰু একে শাসন প্ৰণালী হ’ব’।”
17পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
18“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশলৈ লৈ আহিছোঁ, সেই দেশত সোমোৱাৰ পাছত,
19তোমালোকে সেই দেশৰ অন্ন ভোজন কৰা কালত, যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় নৈবেদ্য উৎসৰ্গ কৰিবা।
20তোমালোকে প্ৰথমে উৎপন্ন হোৱা শস্যৰ খৰচীয়া আটাৰ এটা পিঠা উত্তোলনীয় নৈবেদ্যস্বৰূপে উৎসৰ্গ কৰিবা; মৰণা মৰা খোলাৰ উত্তোলনীয় নৈবেদ্যৰ নিচিনাকৈ ইয়াকো উৎসৰ্গ কৰিবা।
21তোমালোকে পুৰুষানুক্ৰমে প্ৰথমে উৎপন্ন হোৱা শস্যৰ নিজ নিজ খৰচিয়া আটাৰ কিছু উত্তোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
22মোচিক যিহোৱাই কোৱা এই সকলো আজ্ঞা, তোমালোক ইস্রায়েলৰ সন্তান সকলে পালন কৰা নাছিলা, যদিওবা পালন নকৰিবলৈ তোমালোকৰ কোনো উদ্দেশ্য নাছিল,
23অৰ্থাৎ যিহোৱাই যি দিনা তোমালোকক আজ্ঞা দিছিল, সেই দিনাৰ পৰা তোমালোকৰ পুৰুষানুক্ৰমে তেওঁ মোচিৰ দ্বাৰাই যি যি আজ্ঞা কৰিছিল, সেই সকলোকে যেতিয়া তোমালোকে ভূলক্ৰমে পালন নকৰা।